অসমত ক’ভিডত আক্ৰান্ত হোৱাৰ লোকৰ হাৰ বৃদ্ধি পাইছে। দেওবাৰে ৰাজ্যত ক’ভিড পজিটিভ লোকৰ হাৰ হ’ল ৫.৪৮ শতাংশ।  

যোৱা শনিবাৰে (২৪ এপ্ৰিলত) ৰাজ্যখনত পজিটিভ লোকৰ হাৰ আছিল ৩.২৪ শতাংশ।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম) অসমৰ তথ্য অনুসৰি দেওবাৰে অসমত ১,৮৪৪ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হোৱাৰ হোৱাৰ বিপৰীতে ১৪ গৰাকী ক’ভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয়।

উল্লেখযোগ্য যে ৰাজ্যত পূৰ্বৰ দিনসমূহৰ তুলনাত দেওবাৰে পৰীক্ষা কৰা লোকৰ সংখ্যা তাকৰ আছিল। কালি (২৫ এপ্ৰিল) ৩৩,৬৭৪ গৰাকী লোকৰ পৰীক্ষা কৰা হয়।

ইয়াৰ বিপৰীতে ২৪, ২৩, ২২, ২১, ২০ আৰু ১৯ এপ্ৰিলত পৰীক্ষা কৰা লোকৰ সংখ্যা আছিল ক্ৰমে ৬৯,০৯৪ গৰাকী, ৭২,৪০৫ গৰাকী, ৭৩,৪২৮ গৰাকী, ৬২,১০৭ গৰাকী, ৬৭,১৫১ গৰাকী আৰু ৬৫,৪১০ গৰাকী।

উক্ত দিনকেইটাত আক্ৰান্ত হাৰ হ’ল – ২৪ এপ্ৰিলত ৩.২৪ শতাংশ, ২৩ এপ্ৰিলত ৩.২৯ শতাংশ, ২২ এপ্ৰিলত ২.৬৩ শতাংশ, ২১ এপ্ৰিলত ২.৬৮ শতাংশ, ২০ এপ্ৰিলত ২.৪৬ শতাংশ আৰু ১৯ এপ্ৰিলত ২.০৯ শতাংশ।

কিছুদিন আগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে প্ৰত্যেক দিনা ১ লাখ লোকৰ ক’ভিড পৰীক্ষা কৰাৰ লক্ষ্য লৈছে বুলি কৈছিল।

এন এইচ এমৰ তথ্য অনুসৰি বৰ্তমান ৰাজ্যত ১৫,৪৭০ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ আছে আৰু ১,২০০ গৰাকী ব্যক্তি ক’ভিডৰ ফলত মৃত্যু হৈছে।

কালি মৃত্যু হোৱা লোকসকলৰ ভিতৰত ৮ গৰাকী কামৰূপ মহানগৰৰ আৰু বৰপেটা, ডিব্ৰুগড়, কামৰূপ, মৰিগাঁও, নলবাৰী আৰু শোণিতপুৰৰ এজনকৈ লোকে মৃত্যুক সাবটি লয়।

দেওবাৰৰ দিনা কামৰূপ মহানগৰত আটাইতকৈ অধিক পজিটিভ লোক (৭৯১ গৰাকী) ধৰা পৰে, ইয়াৰ পিছতে ডিব্ৰুগড়ত ১৯০ গৰাকী, নগাঁৱত ৮৩ গৰাকী আৰু কামৰূপত ৮২ গৰাকী ব্যক্তি ক’ভিড পজিটিভ ধৰা পৰে।   মন্ত্ৰী হিমন্ত বিশ্বই জনোৱা মতে মূঠ এই পৰ্য্যন্ত ২০,১৯,৯২১ গৰাকী ব্যক্তিৰ টীকাকৰণ কৰা হৈছে। ইয়াৰে ১৬,০৪,৬৮৭ গৰাকীক প্ৰথম পালি আৰু ৪,১৫,২৩৪ গৰাকীক দ্বিতীয় পালি প্ৰতিষেধক দিয়া হয়। ৰাজ্যত বৰ্তমান ৩,৩৫,০৮০ ক’ভিড প্ৰতিষেধক মজুত আছে বুলি মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply