গুৱাহাটী : সোমবাৰে ৰাজ্যত ২,৮০৫ টা নতুন ক’ভিড পজিটিভ কেচ ধৰা পৰে। ইয়াৰে সৈতে ৰাজ্যখনত এই পৰ্য্যন্ত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৪,৮৫,৩১০ জনলৈ বৃদ্ধি পাইছে।
ৰাজ্যখনত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ১.৬৪ শতাংশ। কালি ১,৭০,৮৫৬ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছিল।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত অসমত ৩৫ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হয়। এতিয়ালৈকে ৰাজ্যখনত মৃত্যু হোৱা লোকৰ সংখ্যা ৪,২৪৩ গৰাকীলৈ বৃদ্ধি পাইছে।
কালিৰ দিনটোত গোলাঘাট জিলাত আটাইতকৈ বেছি সংখ্যক লোকৰ শৰীৰত ক’ভিড ধৰা পৰে। জিলাখনত ক’ভিড পজিটিভৰ সংখ্যা আছিল ৩০৬ গৰাকী, ইয়াৰ পিছতে ডিব্ৰুগড় জিলাত ২১৭ জন পজিটিভ, শোনিতপুৰত ১৬৫ জন আৰু কামৰূপ মহানগৰত ১৫৮ জন ক’ভিড পজিটিভ ৰোগী চিনাক্ত কৰা হয়।
লগতে পঢ়ক : চাবুৱা থানাৰ গোচৰত জামিন লাভ কৰিলে কৃষক নেতা অখিল গগৈ
মৃত্যু হোৱা ৩৫ জন ক’ভিড ৰোগীৰ ভিতৰত তিনিচুকীয়াত ৬ জন, কামৰূপ মহানগৰত ৪ জন, কাচাৰ, নগাঁও আৰু ডিব্ৰুগড়ত ৩ জনকৈ, ধুবুৰী, গোৱালপাৰা, হোজাই আৰু মৰিগাঁৱত ২ জনকৈ আৰু বৰপেটা, বিশ্বনাথ, গোলাঘাট, কামৰূপ গ্ৰাম্য, কাৰ্বি আংলং, কৰিমগঞ্জ, নলবাৰী আৰু শিৱসাগৰত ক’ভিড ৰোগীৰ মৃত্যু হয়।
বৰ্তমান অসমত ৩১,২৭৮ গৰাকী ক’ভিড এক্টিভ ৰোগী আছে আৰু মুঠ ৪,৪৮,৪৪২ গৰাকী ৰোগী সুস্থ হৈ উঠিছে। সোমবাৰৰ দিনটোত ৪,৬৯৯ গৰাকী ক’ভিড পজিটিভ ৰোগী সুস্থ হৈ উঠে। সুস্থ হৈ উঠাৰ লোকৰ হাৰ হৈছে ৯২.৪০ শতাংশ।
এই পৰ্য্যন্ত ৰাজ্যখনৰ ৫৬,৮৯,৫৪৪ জন লোকক ক’ভিড ভেকচিন প্ৰদান কৰা হৈছে আৰু ইয়াৰে ১০,৮৪,৬২৬ গৰাকী লোকে দুয়োটা পালি ভেকচিন লাভ কৰিছে।