গুৱাহাটীঃ  অসমত পুনৰ দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। শুকুৰবাৰে দিনটোত ৰাজ্যত ৩০৫ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ভিডৰ অৱস্থিতি।

কামৰূপ মেট্ৰ’ জিলাত আক্ৰান্তৰ সংখ্যা সৰ্বাধিক। জিলাখনত ২৪ ঘন্টাৰ ভিতৰত আক্ৰান্ত হৈছে ৩২ জন। ইয়াৰ পিছতে ডিব্ৰুগড় (২৬), কামৰূপ (১৯), বিশ্বনাথ (১৮) আৰু গোলাঘাট (১৭) জন ক’ভিডত আক্ৰান্ত হৈছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ তথ্য অনুসৰি শুকুৰবাৰে ৬,৭১১ জন লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল। অৱশ্যে শুকুৰবাৰৰ দিনটোত ৰাজ্যখনত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ তথ্য লাভ কৰা নাই।

শুকুৰবাৰৰ দিনটোত ৩০৫ জন লোক নতুনকৈ ক’ভিডত আক্রান্ত হোৱাত বৰ্তমান ৪,৫৭৮ জন লোক ক’ভিডত আক্রান্ত হৈ চিকিৎসাধীন হৈ আছে ।

ইফালে শুকুৰবাৰৰ দিনটোত ৰাজ্যত ক’ভিডৰ পৰা সুস্থ হৈ উঠা ৪৭২ জন লোকক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয়। বৰ্তমান সুস্থতাৰ হাৰ ৪.৫৪%।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply