গুৱাহাটীঃ অসমত উদ্বেগজনক ভাৱে বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ। ২৪ঘন্টাত অসমত ৩৪৪জনৰ দেহত কোভিডৰ উপস্থিতি ধৰা পৰিছে। ইয়াৰে কামৰূপ মেট্ৰ’ জিলাৰ ৪৩জন, ডিব্ৰুগড় জিলাৰ ৫৮জন, কামৰূপ গ্ৰাম্য জিলাৰ ৪৯জন আক্ৰান্ত হৈছে। অসমত বৰ্তমান কোভিড ৰোগীৰ সংখ্যা ১,৮৫৮ জনলৈ বৃদ্ধি পাইছে।
সোমবাৰৰ দিনটোত এজনো কোভিড ৰোগীৰ মৃত্যু হোৱা নাই। ২৪ঘন্টাৰ ভিতৰত সুস্থ হৈ উঠিছে ৯৩জন। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানে প্ৰকাশ কৰা তথ্য অনুসৰি অসমত মুঠ কোভিডত আক্ৰান্ত হৈছে ৭,২৬,৮৮৫জন। অসমত কোভিডত আক্ৰান্তৰ হাৰ ১১.৫৮% লৈ বৃদ্ধি পাইছে।