নিউজ ডেস্ক : অসমত যোৱা দুদিনত পুনৰ ক’ভিড সংক্ৰমণ বৃদ্ধি পাইছে। মঙলবাৰে ৰাজ্যত ৩৪৭ জন লোক ক’ভিডত আক্ৰান্ত হৈছে, ফলত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ৬,০৯,২৬২ গৰাকীলৈ বৃদ্ধি পাইছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমত প্ৰকাশ পোৱা তথ্য মতে সোমবাৰৰ তুলনাত কালিৰ দিনটোত ক’ভিড আক্ৰান্তৰ সংখ্যা ২১ গৰাকী বৃদ্ধি পাইছে। সোমবাৰে ৰাজ্যত ৩২৬ টা ক’ভিড কে’চ ধৰা পৰিছিল।

ইয়াৰ বিপৰীতে দেওবাৰে ৰাজ্যত ১৩৯ জন লোক ক’ভিডত আক্ৰান্ত হৈছিল বুলি এন এইচ এমৰ তথ্যত প্ৰকাশ।

মঙলবাৰে ৪২,৬৭০ গৰাকী লোকৰ ক’ভিড টেষ্ট কৰা হৈছিল, সেই হিচাপত আক্ৰান্তৰ হাৰ আছিল ০.৮১ শতাংশ। কামপৰূপ মহানগৰ জিলাত সৰ্বাধিক ১৬২ গৰাকী লোক আক্ৰান্ত হোৱাৰ বিপৰীতে যোৰহাটত ২৬ গৰাকী, বৰপেটাত ২৫ গৰাকী আৰু লখিমপুৰত ১৮ গৰাকী লোক আক্ৰান্ত হয়।

আনহাতে কালি ৩ গৰাকী ক’ভিড ৰোগীয়ে মৃত্যুবৰণ কৰে, মৃত্যু হোৱা লোককেইজন গোলাঘাট, নলবাৰী আৰু শোনিতপুৰ জিলাৰ। এইপৰ্য্যন্ত ৰাজ্যত মুঠ ৫,৯৮১ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হৈছে।

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ বুলেটিনত প্ৰকাশ পোৱা মতে অসমত বৰ্তমান ২,৬৪৪ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈ আছে।

এতিয়ালৈকে ৰাজ্যৰ মুঠ ২,৭৪,৯১,৬১২ গৰাকী লোকে ক’ভিডৰ টীকাকৰণ গ্ৰহণ কৰিছে, ইয়াৰে ১,৯৯,৭৪,৯১৫ গৰাকীয়ে প্ৰথম পালি আৰু ৭৫,১৬,৯৬৭ গৰাকীয়ে দ্বিতীয় পালি প্ৰতিষেধক গ্ৰহণ কৰিছে।

লগতে পঢ়ক :

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply