নিউজ ডেস্ক: ৰাজ্যত বুধবাৰৰ দিনটোত ৫৫ জন লোক ক’ভিডত আক্ৰান্ত হয়। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমে প্ৰকাশ কৰা ক’ভিড বুলেটিনত প্ৰকাশ পাইছে এই তথ্য।

আনহাতে যোৱা ২৪ ঘণ্টাত ৰাজ্যখনত ৪ গৰাকী ক’ভিড ৰোগীৰ মৃত্যু হয়। নিহত সকলৰ এজন গোলাঘাট, এজন যোৰহাট, এজন কামৰূপ মহানগৰ আৰু এজন নগাঁৱৰ বাসিন্দা।

চৰকাৰী হিচাপ মতে কালিৰ দিনটোত কামৰূপ মহানগৰত সৰ্বাধিক ১৬ জন লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰাৰ বিপৰীতে নগাঁৱত ৬জন আৰু দৰং তথা ধুবুৰীত ৫ জনকৈ লোক ক’ভিডত আক্ৰান্ত হয়।

বুধবাৰে ৰাজ্যত ৬,৫৮৮ গৰাকী লোকৰ ক’ভিড পৰীক্ষা কৰা হৈছিল, দিনটোত আক্ৰান্তৰ হাৰ আছিল ০.৮৩ শতাংশ। আনহাতে ৰাজ্যত বৰ্তমান ১,৫০৮ জন লোক ক’ভিডত আক্ৰান্ত হৈ থকাৰ বিপৰীতে কালিৰ দিনটোত ৪৪৩ জন ৰোগীক চিকিৎসালয়ৰ পৰা ঘৰলৈ যাবলৈ দিয়া হয় বুলি এন এইচ এমৰ তথ্যত প্ৰকাশ।

লগতে পঢ়ক – OnePlus-এ বৃহস্পতিবাৰে মুকলি কৰিব নতুন স্মাৰ্টফোন OnePlus Nord CE 2 5G

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply