অসমত ক’ভিডৰ সংক্ৰমণে ক্ৰমাৎ গুৰুতৰ ৰূপ ধাৰণ কৰিছে। দেওবাৰে ৰাজ্যত ৬৩৯ গৰাকী লোকৰ শৰৰীৰত ক’ভিড পজিটিভ ধৰা পৰে।
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান (এন এইচ এম)ত প্ৰকাশ পোৱা তথ্য মতে ক’ভিডৰ ফলত যোৱা ২৪ ঘণ্টাত ৰাজ্যত ৬ গৰাকী লোকৰ মৃত্যু হয়।
মৃত্যু হোৱা লোক কেইজন বৰপেটা, কাচাৰ, ধেমাজি, কামৰূপ মহানগৰ, মৰিগাঁও আৰু তিনিচুকীয়া জিলাৰ।
দেওবাৰৰ লৈকে ৰাজ্যত ক’ভিড-১৯ কেচৰ সংখ্যা হৈছে ২,২৪,৪৫৫, মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ১,১৩৫ গৰাকী।
এন এইচ এমৰ তথ্য মতে উক্ত ১,১৩৫ গৰাকীৰ উপৰি আৰু ১,৩৪৭ ক’ভিড ৰোগীৰ মৃত্যু হৈছে যদিও অন্য বেমাৰ থকাৰ বাবে চৰকাৰৰ ডে’থ অ’ডিট বৰ্ডে তেওঁলোকক হিচাপত ধৰা নাই।
অসমত বৰ্তমান ৫,২৬৮ গৰাকী ক’ভিড আক্ৰান্ত ব্যক্তি আছে।
নতুনকৈ ধৰা পৰা ৬৩৯ টা পজিটিভ কেচৰ ভিতৰত কামৰূপ মহানগত ৩৫৪ টা, কামৰূপ গ্ৰাম্যত ৩৫ টা, নগাঁৱত ২৮ টা, ডিব্ৰুগড়ত ২৬ টা, শোণিতপুৰত ২০ টা, ধেমাজিত ১৮ টা আৰু শিৱসাগৰত ১৭ টা কেচ ধৰা পৰে।
দেওবাৰে ৰাজ্যত ২৩,৩০০ টা নমুনা পৰীক্ষা কৰা হৈছিল, আক্ৰান্তৰ হাৰ আছিল ২.৭৪ শতাংশ।
এন এইচ এমৰ বিজ্ঞপ্তিত প্ৰকাশ পোৱা অনুসৰি কালিৰ দিনটোত ১৫৯ গৰাকী ৰোগী সুস্থ হৈ উঠে, সুস্থ হৈ উঠা ৰোগীৰ মুঠ সংখ্যা ২,১৬,৭০৫ গৰাকী।
এই পৰ্য্যন্ত ৰাজ্যখনত ৭৮,৩০,৮৬০ টা নমুনা পৰীক্ষা কৰা হৈছে। ১৩,০০,৫৯২ গৰাকী ব্যক্তিক প্ৰথম পৰ্য্যায়ৰ টীকাকৰণ কৰা হৈছে আৰু ২,৯২,২৩৩ গৰাকী লোকে দ্বিতীয় পৰ্য্যায়ৰ টীকাকৰণ গ্ৰহণ কৰিছে। বিজ্ঞপ্তিটোত কোৱা হয়।