গুৱাহাটীঃ অসমত পুনৰ তীব্ৰগতিত বৃদ্ধি পাইছে কোভিড সংক্ৰমণ। ২৪ঘন্টাৰ ভিতৰত কোভিডত আক্ৰান্ত হ’ল ৭০৭গৰাকীকৈ লোক। ইয়াৰ লগে লগে অসমত সক্ৰিয় কোভিড ৰোগীৰ সংখ্যা ৬৬৪৫জনলৈ বৃদ্ধি পায়। ২৪ঘন্টাৰ ভিতৰত কোভিডত মৃত্যু হয় দুজনৰ। মৃত দুজন দৰং আৰু কামৰূপ মেট্ৰ’ জিলাৰ। বৃহস্পতিবাৰৰ দিনটোত ৬,১২৩ গৰাকী লোকৰ কোভিড পৰীক্ষা কৰা হৈছিল।  অসমত সৰ্বমুঠ কোভিডত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৭,২৮,৬১৬জন।

কোভিডত সৰ্বাধিক আক্ৰান্তৰ ভিতৰত যোৰহাট জিলাৰ ৯৩জন, কামৰূপ মেট্ৰ’ জিলাৰ ৬৯জন, ডিব্ৰুগড় জিলাৰ ৬৭জন আৰু গোৱালপাৰাত আক্ৰান্ত হৈছে ৫৮জন। অসমত বৰ্তমানলৈকে কোভিত সুস্থ হৈ উঠিছে ৭,১৭,৪৭২ জন।

ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ তথ্য অনুসৰি অসমত মুঠ ২৮,৪২৭,০৩১ জনৰ কোভিড পৰীক্ষা কৰা হৈছে। আনহাতে কোভিড ভেকচিন প্ৰগান কৰা হৈছে মুঠ ৪,৬৯,৯৪,৬৭৯ জনক । যাৰ ভিতৰত আছে প্ৰথম পালি প্ৰদান কৰা হৈছে ২,৪৫,৮৪,৮১১ জনক, দ্বিতীয় পালি ২,১৫,১৪,৮৮২জন আৰু precaution doses প্ৰদান কৰা হৈছে ৮,৯৪,৯৮৬ জনক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply