নিউজ ডেস্ক : দেশৰ আন ৰাজ্যসমূহৰ লগতে অসমতো পুনৰ ক’ভিডৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। যোৱা ২৪ ঘণ্টাত দেশত দুই হেজাৰতকৈ অধিক লোক ক’ভিডত আক্ৰান্ত হৈছে।
সোমবাৰে ৰাজ্যত ২,১৯৮ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্যত প্ৰকাশ। যোৱা কালি অসমত আক্ৰান্তৰ হাৰ আছিল ৪.৪৯ শতাংশ।
কালিৰ দিনটোত কামৰূপ মহানগৰত সৰ্বাধিক ৭৬০ গৰাকী, ডিব্ৰুগড়ত ১৪২ গৰাকী, কাচাৰত ১৩৯ গৰাকী আৰু তিনিচুকুীয়াত ১১৫ গৰাকী লোকৰ দেহত ক’ভিড পজিটিভ ধৰা পৰে।
কালি মুঠ ৪৮,৯৬৪ গৰাকী ব্যক্তিৰ ক’ভিড টেষ্ট কৰা হৈছিল, ইয়াৰে ২,১৯৮ গৰাকীৰ পজিটিভ ধৰাৰ বিপৰীতে ২ ক’ভিড ৰোগীৰ মৃত্যু হয়। ৰাজ্যত এই মুহূৰ্তত ৬,৮৬৭ গৰাকী লোক ক’ভিডত আক্ৰান্ত লোক আছে।
আনহাতে, দেওবাৰে ক’ভিডত ৯৮৮ গৰাকী ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছিল। দেওবাৰে ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ আছিল ৬.৪৮ শতাংশ।
লগতে পঢ়ক – কাজিৰঙাত ভয়ংকৰ পথ দুৰ্ঘটনা; মহিলা নিহত, শিশুসহ আহত চাৰিজন