গুৱাহাটী: সোণাপুৰৰ Georgie’s Retreat Eco Campৰ মালিক, বিশিষ্ট ব্যৱসায়ী, সমাজকৰ্মী তথা ডিমৰীয়াৰ এগৰাকী সৰবৰহী ব্যক্তি জৰ্জ বৰদলৈয়ে আজি আত্মহননৰ পথ বাচি লোৱা ঘটনাই অঞ্চটোত শোকৰ ছাঁ পেলাইছে।

সোণাপুৰৰ হাতীমুৰাত থকা নিজা বাসগৃহত চিপ লৈ আত্মহত্যা কৰে জৰ্জ বৰদলৈয়ে।

বহু দিন ধৰি অসুস্থ হৈ থকা জৰ্জ বৰদলৈৰ এই আকস্মিক মৃত্যুৰ খবৰ পোৱাৰ লগে লগে শোকস্তব্ধ হৈ পৰিছে ডিমৰীয়াবাসী। কি কাৰণত তেওঁ এই সিদ্ধান্ত বাচি ল’লে সেই সম্পৰ্কে এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

অসমত ধাবা ব্যৱসায়ৰ বাটকটীয়া হিচাপে জনাজাত জৰ্জ বৰদলৈ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত সক্ৰিয়ভাৱে জড়িত আছিল।

প্ৰতিটো সময়তে মানুহৰ উন্নয়নৰ বাবে চিন্তা কৰা জৰ্জ বৰদলৈৰ বাবেই বহু যুৱক-যুৱতীয়ে কৰ্ম সংস্থাপন লাভ কৰিছিল। ইতিমধ্যে বৰদলৈৰ নশ্বৰ দেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক – লাক্ষীপুৰত হাতীৰ আক্ৰমণত মৃত্যু একেটা পৰিয়ালৰ তিনিজনৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,588 other subscribers

Leave a comment

Leave a Reply Cancel reply