নিউজ ডেস্কঃ “নিউ বিগ-৫” প্ৰকল্প হৈছে এটা বৃহৎ বন্যপ্রাণীৰ প্ৰকল্প। এই প্ৰকল্পৰ উদ্দেশ্য হৈছে বন্যপ্রাণীবোৰৰ বাসস্থান হেৰুওৱা, মানুহ-বন্যপ্ৰাণীৰ সংঘৰ্ষ, চোৰাং চিকাৰীৰ চলোৱা বন্যপ্রাণী হত্যা, অবৈধ বন্যপ্ৰাণী ব্যৱসায় আৰু জলবায়ু পৰিৱৰ্তনকে ধৰি ভাবুকিৰ পৰা বিশ্বৰ বন্যপ্ৰাণীসমূহে সন্মুখীন হোৱা সংকটৰ বিষয়ে সজাগতা বৃদ্ধি কৰা।

২৫০ জন বন্যপ্রাণী ফটোগ্রাফাৰে এক আন্তর্জাতিক পদক্ষেপত নিৰ্ধাৰণ কৰা বৰ্তমান অস্তিত্বৰ সংকটত ভুগিবলগীয়া ৫টা বন্যপ্রাণী, হাতী, মেৰুভালুক, চিপাঞ্জী, বাঘ আৰু সিংহৰ ওপৰত শ্বুটিং আৰম্ভ কৰিব।

উক্ত প্ৰকল্পটোৰ বাবে শেহতীয়াকৈ শ্বুটিং গ্ৰহণ কৰিব লগীয়া ৫ টা বন্যপ্রাণীৰ নামত ৫০,০০০ৰ অধিক বন্যপ্রাণী প্ৰেমীসকলে ভোটদান আগবঢ়াইছিল।

এই নতুন প্ৰকল্পটোৰ বাবে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দুটি বন্যপ্রাণীক অন্তৰ্ভুক্ত কৰা হৈছে। পিছে এই প্ৰকল্পত অন্তৰ্ভুক্ত নহ’ল অসম গৌৰৱ এশিঙীয়া গঁড়।

উল্লেখ্য যে, এই “নিউ বিগ-৫” প্ৰকল্পটো ব্ৰিটিছ ফটোগ্ৰাফাৰ গ্ৰেম গ্ৰীণে ২০২০ চনৰ এপ্ৰিল মাহত আৰম্ভ কৰিছিল।

আৰু পঢ়কঃখৰাংজনিত পৰিস্থিতৰ ফলত চাহ উৎপাদন অস্বাভাৱিকভাৱে হ্ৰাস পাইছে

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply