শিলচৰ: নিজ পত্নী আৰু কন্যাক হত্যা কৰাৰ অপৰাধত কাচাৰ জিলাত এজন অসম ৰাইফলছৰ জোৱানক গ্ৰেপ্তাৰ কৰা হয় বুলি দেওবাৰে আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে।

অৱশ্যে কি কাৰণত জোৱানজনে পত্নী আৰু কন্যাক হত্যা কৰিলে সেয়া এই পৰ্যন্ত জানিব পৰা হোৱা নাই।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে শিলচৰৰ পৰা ১৫ কিঃমিঃ দূৰত্বত অৱস্থিত অসম ৰাইফলছৰ শ্ৰিকোনা কেম্পৰ কোৱাৰ্টাৰত শনিবাৰে পুৱা ওচৰ-চুবুৰীয়াই জোৱানজনৰ পত্নী মনিকা (৩১) আৰু তেওঁৰ কন্যা ৰীদ্ধিৰ (১২) মৃতদেহ উদ্ধাৰ কৰে।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই তেওঁলোকৰ কোৱাৰ্টাৰৰ সমীপত থকা এটা মন্দিৰৰ পৰা জোৱানজনক গ্ৰেপ্তাৰ কৰে। ৰবীন্দৰ কুমাৰ নামৰ জোৱানজনৰ জম্মুৰ অখনুৰত বুলি জানিব পৰা গৈছে।

পিছত কুমাৰক স্থানীয় আদালতত হাজিৰ কৰাই ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হয়। কি কাৰণত জোৱানজনে এই হত্যাকাণ্ড সংঘটিত কৰিলে আৰক্ষীয়ে তাৰ তদন্ত কৰি আছে বুলি জানিবলৈ দিয়ে।

লগতে পঢ়ক – ট্ৰেইন ষ্টেশ্যনত প্ৰস্ৰাৱ কৰিলে ভৰিব লাগিব জিএছটি! কিমান সত্য?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply