নিউজ ডেস্ক : সূৰ্য্য চক্ৰ বঁটাৰে সন্মানিত কৰা হয় অসম ৰাইফলছৰ জোৱান প্ৰনৱ জ্যোতি দাসক। মঙলবাৰে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে প্ৰনৱ জ্যোতি দাসক উক্ত সন্মান প্ৰদান কৰে।

অসম ৰাইফলছে টুইটাৰৰ জৰিয়তে এই কথা সদৰী কৰি জনাই যে অৰুণাচল প্ৰদেশৰ লংডিঙত অসম ৰাইফলছে চলোৱা এক অভিযানৰ সময়ত ৬ নং অসম ৰাইলছৰ ৰাইফলমেন দাসে দেখুওৱা সাহসিকতাৰ বাবে তেওঁলৈ এই সন্মান যচা হয়।

২০২০ বৰ্ষত চলা উক্ত অভিযানত ৰাইফলমেন গৰাকীয়ে দুগৰাকী উগ্ৰপন্থীক কাবু কৰাৰ লগতে অসম ৰাইফলছৰ এজন আঘাতপ্ৰাপ্ত জোৱানক নিৰাপদে উলিয়াই বাহিৰলৈ উলিয়াই আনিছিল।

লগতে পঢ়ক : নতুন প্রজন্মই ইতিহাস নাজানিলেএকালত কাল্পনিক চৰিত্ৰ হ’ব লাচিত বৰফুকন : বিশ্বজিৎ দৈমাৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply