নিউজ ডেস্ক : ২০২০ চনৰ পৰা এই আজি পৰ্য্যন্ত এই সময়ছোৱাত অসম ৰাইফলছে ম্যানমাৰৰ পৰা উত্তৰ-পূবলৈ অবৈধভাৱে সৰবৰাহ হোৱা ১,৬০০ কোটি টকাতকৈ অধিক মূল্যৰ সামগ্ৰী জব্দ কৰিছে।

অসম ৰাইফলছৰ পৰিচালন সঞ্চালক লেফ্টেনেণ্ট প্ৰদীপ চন্দ্ৰন নায়াৰে FICCI –ৰ এখন সভাত এই কথা সদৰী কৰি ইয়াক ভাৰতৰ ৰাষ্ট্ৰীয় উন্নয়ন আৰু এক্ট ইষ্ট পলিচিৰ বাবে এক উদ্বেগজনক বিষয় বুলি অভিহিত কৰে।

‘অসম ৰাইফলছে ২০২০ বৰ্ষত ৮৫৭ কোটি টকা অবৈধ সামগ্ৰী জব্দ কৰাৰ বিপৰীতে ২০২১ চনত ৭৪৬ কোটি টকাৰ সামগ্ৰী জব্দ কৰিছে,’ তেওঁ কয়।

ভাৰত-ম্যানমাৰ সীমান্তৰ ১৬৪৩ কিলোমিটাৰ অঞ্চল বেৰা দিয়া হোৱা নাই বুলি উল্লেখ কৰি তেওঁ কয় যে উক্ত অঞ্চলটো অৰ্থনৈতিক আৰু ৰণনীতি সম্পৰ্কীয় দিশৰ পৰা এক অত্যন্ত গুৰুত্বপূৰ্ণ অঞ্চল।

দিল্লী আৰক্ষীৰ প্ৰাক্তন বিশেষ আয়ুক্ত দীপ চান্দৰ মতে সীমান্ত অঞ্চলত চলি থকা অবৈধ ব্যৱসায়ে দেশসমূহৰ বিশেষকৈ ভাৰতৰ সামাজিক গাঁথনিত নেতিবাচক প্ৰভাৱ পেলাইছে।

লগতে পঢ়ক : চিকিৎসালয়ত দুটা জেনেৰেটৰ আৰু প্ৰসূতি প্ৰসৱ কক্ষৰ শুভ উদ্ধোধন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,878 other subscribers

Leave a comment

Leave a Reply