লখিমপুৰ, পল্লৱ মিলি: লখিমপুৰ জিলাৰ বান্দৰদেৱাৰ সমীপৰ দংগিবিল বাংগ গাঁৱত আজি এটা মৃত শিহু উদ্ধাৰ হৈছে।
শিহুটোৰ শৰীৰত কটা আঘাতৰ চিহ্নলৈ চাই মানুহৰ জিঘাংসাৰ বলি হৈ শিহুটো মৃত্যু মুখত পৰিছে বুলি ধাৰনা কৰা হৈছে।
ইতিমধ্যে স্থানীয় ৰাইজে আৰক্ষী আৰু বন বিভাগৰ লগত যোগাযোগ কৰাৰ পিছত মৃত শিহুটো বন বিভাগে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে ডিক্ৰং আৰু সোঁৱনশিৰি নদীত সততে দেখা পোৱা শিহুটো ডিক্ৰং নদীত পানী কমি যোৱাত দুস্কৃতিকাৰীয়ে ঘপিয়াই আহত কৰিছিল বুলি সন্দেহ কৰা হৈছে।
লগতে পঢ়ক – মঙলদৈত বিশ্ব নদী দিৱস পালন; বেগা নদীক বেদখল মুক্ত কৰাৰ দাবী