গহপুৰ: গহপুৰত সংঘটিত এক মৰ্মান্তিক পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে। গহপুৰৰ টকৌবাৰী ৰঙাজানত হুঁচৰি দল কঢ়িয়াই নিয়া এখন বাহন দুৰ্ঘটনাত পতিত হৈ ৫ গৰাকী যুৱক-যুৱতীৰ মৃত্যু হয়।
প্ৰাপ্ত তথ্য মতে শনিবাৰে নিশা AS 25 DC 7418 নম্বৰৰ এখন বলেৰ’ পিকআপ গাড়ীত হুঁচৰি গাবলৈ গৈছিল প্ৰায় ২০ জনীয়া এটা দল ৷
দলটোক লৈ যোৱা বলেৰ’ পিকআপ গাড়ীখনে নিয়ন্ত্ৰণ হেৰোৱাৰ ফলত সংঘটিত হয় উক্ত মৰ্মান্তিক পথ দুৰ্ঘটনাটো। নিহতসকলৰ ভিতৰত তিনি গৰাকী যুৱতী আছে দুজন যুৱক আছে।
উক্ত শোকাৱহ পথ দুৰ্ঘটনাটোত প্ৰাণ হেৰোৱা কেইজনক ৰাধিকা দৈমাৰী, বুদ্ধিমতি বড়ো, বৰ্ণালী বড়ো, সঞ্জয় বসুমতাৰী আৰু কলিমন বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজনৰ ঘৰ উত্তৰ কাৰিবিল আৰু পুৰণি গেৰেজ গাঁৱত।
লগতে পঢ়ক – ছয়গাঁৱত আৰক্ষীৰ সফল অভিযানঃ ২ কোটি টকা মূল্যৰ ড্ৰাগছ সহ ৩ ড্ৰাগছ মাফিয়াক আটক