বৈঠালাংছ’: কাৰ্বি আংলংঙৰ বৈঠালাংছ’ত আজি এখন টাটা মোবাইল বাহন দুৰ্ঘটনাগ্ৰস্ত হৈ ১১জনকৈ যাত্ৰী গুৰুতৰভাবে আহত হয়।

প্ৰাপ্ত তথ্য মতে, বৈঠালাংছ’ সাপ্তাহিক বজাৰৰ পৰা বাটলক পাহাৰলৈ গৈ থকা অৱস্থাত  হাবাই ইংতি গাঁৱত পথৰ পৰা বাগৰি পৰে টাটা মোবাইলখন।

স্থানীয় লোকে জনোৱা মতে দুৰ্ঘটনাগ্ৰস্ত বাহনখনত ৩০ জনতকৈ অধিক যাত্ৰী আছিল।

আহত আটাইকেইজনকে স্থানীয় লোকৰ সহযোগত বৈঠালাংছ’ খণ্ড প্ৰাথমিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ইয়াৰে কেইবাজন যাত্ৰীৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক –অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা, গভীৰ নিদ্ৰাত লখিমপুৰ জিলা বন বিভাগ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply