বোকাখাত, উত্তম কুমাৰ শৰ্মা : সোমবাৰে নিশা কাজিৰঙাৰ দূৰ্গাপুৰৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা। দুখন গাড়ীৰ মাজত সংঘটিত উক্ত দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে শিশুসহ চাৰিজন লোক গুৰুতৰভাৱে আহত হয়।

গুৱাহাটীৰ পৰা যোৰহাট অভিমুখে গৈ থকা AS 02S 8465 নম্বৰৰ এখন চুইফট ডিজায়াৰ আৰু ডিব্ৰুগড়ৰ পৰা গুৱাহাটী অভিমুখী AS 01KC 0644 নম্বৰৰ এখন ট্ৰেভেলাৰৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ।

জানিব পৰা মতে চুইফট ডিজায়াৰখনত ৫ গৰাকী লোক থকাৰ বিপৰীতে ট্ৰেভেলাৰখনত ৬ গৰাকী আৰক্ষীৰ লোক কঢ়িয়াই লৈ আহিছিল।

আহতসকলক নিশাই কহঁৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পৰৱৰ্তী সময়ত তিনিগৰাকী লোকক উন্নত চিকিৎসাৰ বাবে যোৰহাটৰ আৰু নগাঁৱলৈ প্ৰেৰণ কৰা হয়। দুৰ্ঘটনাৰ ফলত ট্ৰেভেলাৰখনত থকা আৰক্ষীৰ লোকসকলো কিছু পৰিমাণে আঘাতপ্ৰাপ্ত হয়, তেওঁলোকক নিশাই চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

আনহাতে. সংকটজন অৱস্থাৰ বাবে আন চিকিৎসালয়লৈ স্থানান্তৰিত কৰিব লগা কেইবাগৰাকীও লোকক এম্বোলেঞ্চৰ অভাৱত ঘণ্টা ঘণ্টা ধৰি ৰখাই থ’ব লগা হৈছিল বুলি স্থানীয় লোকে অভিযোগ কৰে।

লগতে পঢ়ক – জালুকবাৰী থানাই উদ্ধাৰ কৰিলে প্ৰায় ১০ লক্ষাধিক চুৰি সামগ্ৰী

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply