বোকাখাত, উত্তম কুমাৰ শৰ্মা: বুধবাৰে বোকাখাতৰ ৰজাবাৰীত সংঘটিত হয় এক পথ দুৰ্ঘটনা।
ৰজাবাৰীৰ প’ল’ক্লাৱ তিনিআলিত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওতেই AS 05 C 9555 নম্বৰৰ এখন আলট্রা বাছৰ খুন্দাত দুজন স্কুটী আৰোহী গুৰুতৰভাৱে আহত হয়।
আনহাতে, AS 04 N 9505 নম্বৰৰ এখন স্কুটীত থকা আহত আৰোহী দুগৰাকীক ৰজাবাৰী অঞ্চলৰ পুতুমণি দাস আৰু বিনন কুমাৰ দাও বুলি চিনাক্ত কৰা হৈছে।
দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজৰ সহযোগত দুয়োকে বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পিছত উন্নত চিকিৎসাৰ বাবে তেওঁলোকক যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটাললৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক – Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?