বোকাখাত/উত্তম কুমাৰ শৰ্মা : বোকাখাতৰ গড়মুৰত আজি এখন যাত্ৰীবাহী ট্ৰেভেলাৰে এক পথ দুৰ্ঘটনা সংঘটিত কৰে। যোৰহাট অভিমুখী AS 23 BC 6676 নম্বৰৰ ট্ৰেভেলাৰখনৰ খুন্দাত এটি ৯ বছৰীয়া শিশু আৰু এগৰাকী মহিলা গুৰুতৰভাৱে আহত হয়।

দুয়োকে সংকটজনক অৱস্থাত বোকাখাত কমলামিৰি অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰা হয়।

আহত শিশুটি আৰু মহিলা গৰাকী গড়মুৰ গাঁৱৰ ক্ৰমে কলমী চাচা আৰু গোলাপী চাচা বুলি জানিব পৰা গৈছে।

আনহাতে দুৰ্ঘটনাটোত আহত আন তিনিজন পথচাৰীক বোকাখাত কমলামিৰি অসামৰিক চিকিৎসালয়ত ইতিমধ্যে ভৰ্তি কৰোৱা হৈছে।

ইফালে দুৰ্ঘটনা সংঘটিত কৰি ট্ৰেভেলাৰখনৰ চালক আৰু হেন্দিমেনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। অৱশ্যে দুৰ্ঘটনা সংঘটিত কৰি পথাৰৰ মাজত সোমাই পৰা ট্ৰেভেলাৰখন জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে।

লগতে পঢ়ক : নুমলীগড়ত অবৈধ বালি মহলৰ বহাত বনৰীয়া হাতীৰ আক্ৰমণ : ২ জনৰ মৃত্যু

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply