বোকাখাত, উত্তম কুমাৰ শৰ্মা: বোকাখাতৰ গড়মুৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত তীব্ৰবেগী ছুইফ্ট ডিজায়াৰে দুজন বাইক আৰোহীক খুন্দিয়াই আহত কৰে।

ইতিমধ্যে গুৰুতৰভাৱে আহত এজন বাইক আৰোহীক যোৰহাট অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা মতে তেজপুৰৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা AS 06H 8896 নম্বৰৰ চুইফট ডিজায়াৰখনে একে দিশে গৈ থকা AS03F 5484 নম্বৰৰ এখন বাইকক প্ৰচণ্ড জোৰে খুন্দা মাৰে।

দুৰ্ঘটনাটোত আঘাতপ্ৰাপ্ত দুই বাইক আৰোহী ক্ৰমে পদ্মদৰ্শন গগৈ আৰু সুমন গগৈৰ লগতে চুইফ্ট ডিজায়াৰখনত অহা এগৰাকী মহিলাক বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

ইফালে ঘটনাস্থলীত বোকাখাত যানবাহন আৰক্ষী উপস্থিত হৈ আঘাটপ্ৰাপ্ত আটাইকে উদ্ধাৰ কৰাৰ লগতে দুৰ্ঘটনাগ্ৰস্ত বাহন দুখনো উদ্ধাৰ কৰে। দুয়োখন বাহনেই দুৰ্ঘটনা সংঘটিত কৰি কাষৰ পথাৰত পৰেগৈ।

লগতে পঢ়ক – মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়ত পঞ্চকৰ্ম থেৰাপীৰ চিকিৎসাৰ কৰ্মশালা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply