মঙলদৈ: উচ্চ মাধ্যমিক শেষান্ত পৰীক্ষাৰ উলাহ মালহৰ মাজতে দৰং জিলাৰ দেৰগাঁৱৰ বঢ়িগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰাক আৰু বাইকৰ মুখামুখি সংঘৰ্ষত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয়।
প্ৰাপ্ত তথ্য মতে একেখন বাইকত তিনিজন যুৱক গৈ থকা অৱস্থাত AS-25CC-4555 নম্বৰৰ এখন ট্ৰাকে মহতিয়াই নিয়াত ফাইজুৰ ৰহমান (১৮) নামৰ যুৱকজনৰ থিতাতে মৃত্যু হয়। আনহাতে আহত আন দুজন যুৱকক দলগাঁৱৰ ছাহজাহান আলি আৰু চংচেৰ আলি বুলি চিনাক্ত কৰা হৈছে।
দুয়োজনকে সংকটজনক অৱস্থাত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পিছত উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰা হয়।
লগতে পঢ়ক – ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল:শীৰ্ষ স্থানত লখিমপুৰৰ ৰক্তোৎপল শইকীয়া