ধেমাজি: শনিবাৰে নিশা ধেমাজি চেঙেলীপামত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এখন ৰখাই থোৱা বাঁহভৰ্তি ট্ৰেক্টৰত এখন এল্ট’ গাড়ীয়ে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন ৩ জন গুৰুতৰভাৱে আহত হয়।

প্ৰাপ্ত তথ্য মতে, শনিবাৰে নিশা প্ৰায় ৮.২০ বজাত ধেমাজীৰ পৰা বৰপেটা অভিমুখে গৈ থকা এখন AS01 BV 9032 নম্বৰ এলট’ গাড়ীখনে ধেমাজিৰ চেঙেলীপামত পথত ৰখাই থোৱা এখন নম্বৰপ্লেট বিহীন ট্ৰেক্টৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে।

উক্ত দুৰ্ঘটনাত ইকবাল হুছেইন (৪৩) নামৰ লোকজন থিতাতে নিহত হোৱাৰ লগতে ইমদাদোল ইচলাম (৪১), আপজাল হক আৰু আজমিনুৰ হক (২৭) গুৰুতৰভাৱে আহত হয়। আহত আটাইকেইজনকে ততাতৈয়াকৈ ধেমাজি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয়।

ইয়াৰে আপজাল হকৰ অৱস্থা সংকটজনক বুলি চিকিৎসকে জানিবলৈ দিয়ে। দুৰ্ঘটনাত পতিত আটাইকেইগৰাকীৰে ঘৰ বৰপেটাত বুলি জানিব পৰা গৈছে।

আহত লোক কেইজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যাললৈ প্ৰেৰণ কৰা হৈছে।

লগতে পঢ়ক – ট্ৰেইন ষ্টেশ্যনত প্ৰস্ৰাৱ কৰিলে ভৰিব লাগিব জিএছটি! কিমান সত্য?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply