ধেমাজি, অংকুৰ নৰহ: ধেমাজি জিলাৰ জোনাইত আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকে থিতাতে প্ৰাণ হেৰুৱায়। জোনাইৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।
প্ৰাপ্ত তথ্য মতে, ৰাষ্ট্ৰীয় ঘাইপথৰ ডেকাপামত জোনাইৰ পৰা চিলাপথাৰ অভিমুখে গৈ থকা এখন থকা AS 22 G 7063 নম্বৰৰ এখন পালচাৰ বাইক আৰু বিপৰীত দিশত আহি থকা AS 22 C 4656 নম্বৰৰ এখন ট্ৰাকৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ।
পথ দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা যুৱকজনক চিলাপথাৰ চচাইতিৰ বিৰাজ চনাৰ বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক – জনজাতিকৰণৰ দাবীত ধেমাজিত কোচ ৰাজবংশী সন্মিলনীৰ ৰে’ল পথ অৱৰোধ