কমাৰগাঁও (গোলাঘাট): যোৱা ২৪ ঘণ্টাত গোলাঘাট জিলাৰ কমাৰগাঁও আৰু খুমটাইত সংঘটিত তিনিটা পৃথক পথ দুৰ্ঘটনাত তিনিজন লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হয়।

প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে নিশা কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰাজস্থানৰ পৰা ব্ৰইলাৰ মূৰ্গীৰ দানা কঢ়িয়াই অনা আৰ জে ০২জি চি ২৬ ৪৫ নম্বৰৰ মালবাহী ১৪ চকীয়া ট্ৰাকখনৰ চালক গৰাকীয়ে অত্যাধিক সুৰাপান কৰাৰ বাবে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰে।

ট্ৰাকখনৰ চালকগৰাকীয়ে অত্যাধিক সুৰাপানৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰাৰ লগতে আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰাত চালক গৰাকীয়ে সুৰাপান কৰাৰ কথা পোহৰলৈ আহে।

ইফালে আজি দিনৰ প্ৰায় তিনি বজাত কমাৰগাঁও আৰক্ষী থানাৰ এলেকাৰ বৰুৱাগাঁৱতো চালকে সুৰাপান কৰাৰ বাবে এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে এ এছ ০৫ আৰ ০৮৭৮ নম্বৰৰ পালচাৰ মটৰ চাইকেলখনত দুজন যুৱক কচুপথাৰ দিশৰ পৰা বৰুৱাগাঁও পথৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দিশে তীব্ৰ বেগত গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ পথ নিৰ্মাণৰ এখন পকী ফলকত খুন্দা মৰাৰ ফলত দুয়োজন যুৱক গুৰুত্বভাৱে আহত হয়।

পাছত স্থানীয় ৰাইজে যুৱক দুজনক উদ্ধাৰ কৰি সংকটজনক অৱস্থাত ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যুৱক দুজনে অত্যাধিক সুৰাপান কৰি মটৰচাইকেল চলোৱাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হয় বুলি স্থানীয় গাঁওৰক্ষী বাহিনীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে।

আনহাতে খুমটাইৰ কেপ্টেইন জিন্টু গগৈ পথত আন এক দুৰ্ঘটনাত এখন স্কুটিয়ে এগৰাকী স্কুলীয়া ছাত্ৰীক তীব্ৰ বেগত খুন্দা মাৰে।

দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ছাত্ৰী গৰাকীক সংকটজনক অৱস্থাত খুমটাই আৰক্ষীয়ে স্থানীয় ৰাইজৰ সহযোগত ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। বাতৰি যুগুত কৰা সময়লৈকে ছাত্ৰ গৰাকীক চিনাক্ত কৰিব পৰা নাই যদিও খুমটাই চাহ বাগিছা অঞ্চলৰ বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।

ঘটনাস্থলীত খুমটাই আৰক্ষীৰ এটি দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ মটৰচাইকেল খনৰ লগতে স্কুটিখন উদ্ধাৰ কৰি নিজৰ জিম্মাত লৈছে।

লগতে পঢ়ক – পুনৰ ভেণ্টিলেশ্যনত ভৰ্তি সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,060 other subscribers

Leave a comment

Leave a Reply