কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বৰুৱাগাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি আবেলি প্ৰায় ৩ বজাত এক ভয়ঙ্কৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
এ এছ ০৫ এফ ২৮৮৫ নম্বৰৰ এখন তীব্ৰ বেগী গেণ্ড আই১০ বাহনে এ এছ ০৫চি ৮০৩৮ নম্বৰৰ এখন মালবাহী টাটা এচি বাহনত খুন্দা মাৰি পথৰ দ খাৱৈত বাগৰি পৰাৰ লগতে এজন যুৱকক মহতীয়াই নিয়াৰ ফলত ঘটনাস্থলীতে যুৱকজনৰ মৃত্যু হয় ।
নিহত যুৱকজন দেৰগাঁৱৰ পংকজ বৰা (৩৩)বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে। যুৱকজনে দীৰ্ঘদিন ধৰি দেৰগাঁও নাৰিকলগুৰিৰ ল’টাছ নামৰ এটা বিস্কুট ফেক্টৰীত বাহন চলাই পৰিয়াল পো-পালন দিছিল।
আন দিনাৰ দৰে আজিও পংকজে কামলৈ গৈ থকা অৱস্থাত বৰুৱা গাঁৱৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ বেগী বাহনৰ খুন্দাত অকাল মৃত্যুক সাৱটিব লগা হয়। ইফালে এই দুৰ্ঘটনাত সামান্য পৰিমাণে আহত হৈছে আই১০ বাহনখনৰ চালক নুমলীগড়ৰ আদৰ্শ বিষ্ণুপুৰ গাঁৱৰ দিগন্ত শইকীয়া ।
নুমলীগড় শোধনাগাৰৰ কৰ্মচাৰী শইকীয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি তেওঁ যোৰহাটৰ পৰা ঘৰলৈ আহি থকা অৱস্থাত হঠাৎ টোপনি আহি নিয়ন্ত্ৰণ হেৰোৱাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়।
পিছত ঘটনাস্থলীত কমাৰগাঁও আৰক্ষীৰ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰে। আনহাতে দেৰগাঁৱৰ সৰবৰহী যুৱক পংকজ বৰাৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।
লগতে পঢ়ক – মঙলদৈত জালনোটসহ চাৰিজনক আটক