চন্দন বৰা,কমাৰগাঁও: গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষীৰ থানাৰ অন্তৰ্গত পানীদিহিঙীয়াত আজি পুৱা সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই এখন মালবাহী ট্ৰাকে খুন্দা মাৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত ৰখাই থোৱা আন এখন মালবাহী ট্ৰাকত।
প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰা অনুসৰি আজি পুৱাৰ ভাগত দেৰগাঁৱৰ দিশৰ পৰা তীব্ৰ বেগত আহি থকা AS 01NC 2491 নম্বৰৰ ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ৰখাই থোৱা AS05C 9397 নম্বৰৰ ট্ৰাকখনত খুন্দা মাৰে।
আনহাতে উক্ত স্থানত ৰখাই থোৱা AS 025EC 4678 নম্বৰৰ আন এখন ট্ৰাকে প্ৰথমে দুৰ্ঘটনাগ্ৰস্থ AS05C 9397 নম্বৰৰ ট্ৰাকৰ পাছফালে খুন্দা মাৰাৰ উপৰিও AS025EC 4678 নম্বৰৰ ট্ৰাকখনত অন্য এখন ট্ৰাকে খুন্দা মাৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে।
ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ আহত চালকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনা সংঘটিত কৰি তাৰ পলায়ন কৰা আনখন ট্ৰাকৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে।
লগতে পঢ়ক – নতুন শৰাইঘাট দলঙৰ ওপৰত গাড়ী ৰাখি নিৰুদ্দেশ যুৱক