কমাৰগাঁও (গোলাঘাট) : কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বনগাঁৱৰ কুঁহিয়াবাৰীত এখন তীব্ৰ বেগী মালবাহী টাটা ডি আই বাহনে মটৰচাইকেলক মহতিয়াই নিয়াত এজন লোক গুৰুতৰভাৱে আহত হয়।
প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায় ৯-৩০ বজাত দেৰগাঁও দিশৰ পৰা আহি থকা এ এছ ০২ চি চি ৭৭২৩ নম্বৰৰ এখন তীব্ৰ বেগী টাটা ডি আই বাহনে নিয়ন্ত্ৰণ হেৰুৱাই একেটা দিশৰ পৰা আহি থকা এ এছ ০৫ জে ৪২৬৫ নম্বৰৰ মটৰ চাইকেলত পাছফালৰ পৰা খুণ্ডা মাৰে।
উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত মটৰচাইকেল আৰোহীজনক বাদুলিপাৰ সমীপৰ জৰাগুৰিৰ ৰণ্টু দাস বুলি চিনাক্ত কৰা হৈছে। তেওঁ নুমলীগড় শোধনাগাৰৰ অস্থায়ী শ্ৰমিক বুলি জানিব পৰা গৈছে।
ঘটনাস্থলিত কমাৰগাঁও আৰক্ষীৰ এটি দল উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ দুয়োখন বাহন জব্দ কৰাৰ লগতে স্থানীয় ৰাইজৰ সহযোগত ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে আহত যুৱকজনক যোৰহাট চিকিৎসা মহাবিদ্যালয় হস্পিটেললৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক : আধুনিক বিজ্ঞান সন্মত পদ্ধতিৰে খেতি কৰি জুৰীয়াৰ যুৱ কৃষক সকলে সৃষ্টি কৰিছে সেউজ বিপ্লৱৰ