লখিমপুৰ, অংকুৰ নৰহ: ধেমাজি জিলাৰ জোনাইত মংগলবাৰ নিশা সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয়। নিশা প্ৰায় ১১ বজাত জোনাইৰ গালী ৰঙাজানত উক্ত পথ দুৰ্ঘটনাটো সংঘটিত হয়৷
স্থানীয় লোকৰ পৰা জানিব পৰা মতে জোনাইৰ লাইমেকুৰীৰ পৰা জোনাই সদৰৰ অভিমুখে আহি থকা AS 01 DM 5087 নম্বৰৰ এখন বগা i20 গাড়ীয়ে নিয়ন্ত্ৰণ হেৰুৱাই জোনাইৰ ৰঙাজানৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত থকা এজোপা গছত তীব্ৰ জোৰেৰে খুন্দা মাৰে৷
ফলত গাড়ীখনত থকা তিনিজন লোকৰ ভিতৰত দুজন লোক থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। নিহত লোক দুজনক লখিমপুৰ জিলাৰ হিদয় ৰঞ্জন দত্ত (২৭) আৰু আচল কাশ্যপ মহন্ত (২৯) বুলি চিনাক্ত কৰা হৈছে আৰু আহত লোকজনক লখিমপুৰৰ লীলা ছেত্ৰী (২৮) বুলি চিনাক্ত কৰা হয়।
দুৰ্ঘটনাৰ খবৰ পাই জোনাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাত পতিত হোৱা লোক কেইজন উদ্ধাৰ কৰি ইয়াৰে সংকটজনক অৱস্থাত থকা লীলা ছেত্ৰীক জোনাই অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়৷
লগতে পঢ়ক – চেমখৰ: আইমী বৰুৱাৰ বিৰুদ্ধে ডিমাছা সম্প্ৰদায়ক ভূলকৈ উপস্থাপনৰ অভিযোগ