চন্দন বৰা, কমাৰগাঁও: গোলাঘাট জিলাৰ কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত বছাপথাৰত শনিবাৰে আবেলি প্ৰায় ৪.৩০ বজাত এক পথ দুৰ্ঘটনা সংঘটিত হয়।

নুমলীগড় দিশৰ পৰা আহি থকা এ এছ ১২ বি ৯৯৬২ নম্বৰৰ এখন মাৰুতি ৮০০-ৰ সৈতে যোৰহাট দিশৰ পৰা আহি থকা এ এছ ২৩ বিচি ৪৮০১ নম্বৰৰ এখন মালবাহী টাটা এচিৰ মুখামুখি সংঘৰ্ষ হয় ।

উক্ত দুৰ্ঘটনাত মাৰুতি কাৰখনৰ চালক প্ৰমোদ সিঙকে ধৰি ৬ জন লোক -শিৱাল থাপা, ৰাজু বিশ্বকৰ্মা, সৰস্বতী বিশ্বকৰ্মা,অয়ন ৰয়, চুবু ৰয় গুৰুত্বভাৱে আহত হয়।

পিছত ঘটনাস্থলীত কমাৰগাঁও আৰক্ষী উপস্থিত হৈ আহত সকলক ১০৮ এম্বুলেন্স সেৱাৰ জৰিয়তে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। দুৰ্ঘটনাটোত আহত আটাইকেইজন তিনিচুকীয়াৰ বুলি আৰক্ষী সূত্ৰই সদৰী কৰিছে।

লগতে পঢ়ক –  Horoscope:আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply