কমাৰগাঁও,চন্দন বৰা: ৰঙালী বিহুৰ আনন্দ উদ্দীপনাৰ মাজতে আজি কমাৰগাঁও আৰক্ষী থানাৰ অন্তৰ্গত পুৰণি কমাৰগাঁৱৰ ধোদৰআলিত সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা।
কমাৰগাঁও দিশৰ পৰা AS 03 V5666 নম্বৰৰ এখন হোণ্ডা স্কূটীৰে খুমটাই দিশে গৈ থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰতে স্কুটীসহ আৰোহীজন বাগৰি পৰে।

প্ৰত্যক্ষদৰ্শীয়ে সদৰী কৰা অনুসৰি পথটোৰ ওপৰত সৃষ্টি হোৱা এটা গাঁতত পৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত আহত স্কুটী আৰোহী গৰাকীক সোনোৱাল গাঁৱৰ প্লাৱন শইকীয়া (৩৫) বুলি চিনাক্ত কৰা হৈছে।
ইফালে ঘটনাস্থলীত খুমটাই আৰক্ষী উপস্থিত হৈ সংকটজনক অৱস্থাত যুৱকজনক এখন এম্বুলেন্সৰ সহায়ত সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
লগতে পঢ়ক – খাদ্যত নিমখ বেছি হোৱাৰ বাবেই পত্নীক টেটু চেপি হত্যা