কমাৰগাঁও (গোলাঘাট) : গোলাঘাটৰ খুমটাই চিনাতলী চাৰিআলিৰ সমীপত শুকুৰবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়।

খুমটাইৰ পৰা গোলাঘাটলৈ গৈ থকা অৱস্থাত ১ নং ভোলাগুৰিৰ ধোদৰ আলিত এখন অচিনাক্ত বাহনৰ খুন্দাত এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে আন এজন যুৱক গুৰুতৰভাৱে আহত হয়।

নিহত যুৱকজনক বুল গগৈ আৰু গুৰুত্বৰভাৱে আহত যুৱকজনক ৰণ্টু গগৈ বুলি চিনাক্ত কৰা হৈছে৷

প্ৰাপ্ত তথ্য মতে খুমটাইৰ নগাঁৱৰ পৰা গোলাঘাট অসামৰিক চিকিৎসালয়ত ভৰ্তি হৈ থকা আত্মীয় ৰোগীৰ খবৰ ল’বলৈ বুলি গৈছিল যুৱক দুজন নিশা প্ৰায় ৯ বজাত দুৰ্ঘটনাত পতিত হয়। একেখন বাহনতে দুয়োজনে হেলমেট পৰিধান কৰি গৈছিল‌।

স্থানীয় গাঁওৰক্ষী বাহিনীৰ তৎপৰতাত ৰণ্টু গগৈক তৎক্ষণাত গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ঘটনাস্থলীত আৰক্ষী দল উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে দোষীক কৰায়ত্ত কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।

লগতে পঢ়ক – মাজুলীৰ ফেৰী দুৰ্ঘটনাৰ নিহতৰ নিকটাত্মীয়লৈ অসম চৰকাৰৰ অনুকম্পামূলক নিযুক্তি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply