লখিমপুৰ, পল্লৱ মিলি: লখিমপুৰত আজি সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলাই থিতাতে প্ৰাণ হেৰুৱাব লগা হয়।
প্ৰাপ্ত তথ্য মতে লখিমপুৰৰ আহমেদপুৰত উক্ত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়। স্থানীয় লোকে জনোৱা মতে AS 07 U1160 নম্বৰৰ এখন বাইকেৰে আহি থকা মহিলা গৰাকীক JH 05D B 1708 নম্বৰৰ এখন তীব্ৰ বেগী ডাম্পাৰে মহটিয়াই নিয়াৰ ফলত তেওঁ থিতাতে মৃত্যুক সাবটি লয়।
নিহত মহিলা গৰাকীক মহঘূলীৰ গুলনেহাৰ বেগম বুলি চিনাক্ত কৰা হৈছে।
লগতে পঢ়ক – ৰাজ্যত ভয়াবহভাবে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা; ৫ বছৰত ১,১৪,১৬৯জনৰ মৃত্যু