লখিমপুৰ, পল্লব মিলি: লখিমপুৰ জিলাৰ লালুক থানাৰ অন্তৰ্গত টোনিজানত আজি এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত দুজন লোকে থিতাতে প্ৰাণ হেৰুৱাব লগীয়া হয়।

প্ৰাপ্ত তথ্য মতে আজি পুৱা প্ৰায়  ৯ বজাত লালুক দিশৰ পৰা অৰুণাচল প্ৰদেশ অভিমুখে গৈ থকা AR 01K 1407 নম্বৰৰ এখন দ্ৰুতবেগী ক্ৰেটা বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা খাৱৈত বাগৰি পৰাৰ ফলত উক্ত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাগ্ৰস্ত বাহনতখনত পাঁচ গৰাকী আৰোহী আছিল বুলি জানিব পৰা গৈছে। ইয়াৰে দুজন আৰোহী থিতাতে নিহত হোৱাৰ লগতে আন তিনিজন গুৰুতৰভাৱে আহত হয়। বাতৰি যুগুত কৰা সময়লৈকে লোক কেইজনক  চিনাক্ত কৰা হোৱা নাই।

দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে লালুক আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ  স্থানীয় ৰাইজৰ সহযোগত আহত লোককেইজনক সংকটজনক অৱস্থাত লালুক চিকিৎসালয়ত ভৰ্তি কৰোৱায়।

লগতে পঢ়ক – ১০ যুৱকক নিৰ্মমভাৱে প্ৰহাৰৰ অপৰাধত মৰাণ থানাৰ অ’ চি আৰু এছ আইক নিলম্বন

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply