মঙলদৈ, প্ৰবীণ বৰুৱা: মঙলদৈৰ বৰদৌলগুৰিত আজি পুৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত এখন এম্বুলেন্স আৰু এখন তেল পৰিবাহী টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘটনাটোত এম্বুলেন্সখনৰ ড্ৰাইভাৰসহ পাঁচগৰাকী লোক আহত হয়। আহতসকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

জানিব পৰা মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা টংলাৰ টোকানকাটালৈ প্ৰসূতি কঢ়িয়াই আনিছিল এ এচ ০১ এল চি ৫০০১ নম্বৰৰ এম্বুলেন্সখনে। চিকিৎসালয়ত মৃত্যু হোৱা এটি শিশুসহ প্ৰসূতি এগৰাকী আছিল উক্ত এম্বুলেন্সত।

দূৰ্ভাগ্যজনকভাৱে এম্বুলেন্সখনে খুন্দা মাৰে মঙলদৈ-গুৱাহাটী অভিমুখি এ এচ ১৫ চি  ৩২০১  টেল পৰিবাহী টেংকাৰখনত।

পুৱা ৫-৩০ বজাত সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত এম্বুলেন্সৰ ড্ৰাইভাৰজন নগাঁও তেতেলীয়াৰ পৰাগজ্যোতি নাথ বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক – উচ্চতম ন্যায়ালয়ে  নিষিদ্ধ কৰিলে ’Two finger Test’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply