মাৰ্ঘেৰিটা, মানস প্ৰতিম গগৈ: বিশ্বকৰ্মাৰ পূজাৰ নিশা মাৰ্ঘেৰিটাত এক ভযংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈ এজন লোকে থিতাতে প্ৰাণ হেৰোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হৈছে।
প্ৰাপ্ত তথ্য মতে শনিবাৰে নিশা প্ৰায় ১১.১৫ বজাত ডিগবৈৰ পৰা মাৰ্ঘেৰিটা দিশে তীব্ৰ বেগত আহি থকা Yamaha FZ AS23Q 4497 নম্বৰৰ এখন বাইকে মাৰ্ঘেৰিটা ব্লক তিনিআলিত ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা এখন দোকানত খুণ্ডা মৰাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।
দুৰ্ঘটনাত সমীৰ চামাচি নামৰ ২৩ বছৰীয়া এজন যুৱক থিতাতে নিহত হোৱাৰ লগতে একেখন বাইকত বিশাল বাড়লা (২৫) আৰু অৰ্জুন ধানুৱাৰ (২৪) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
পিছত স্থানীয় ৰাইজ আৰু আৰক্ষীৰ সহযোগত আঘাতপ্ৰাপ্ত যুৱক দুজনৰ লগতে নিহত যুৱকজনক মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ অনা হয় যদিও বিশাল আৰু অৰ্জুনৰ অৱস্থা সংকটজনক হোৱাত তেওঁলোকক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
অত্যধিক মদ্যপান কৰি তীব্ৰ বেগত বাইক চলাই অহাৰ বাবেই এই পথ দুৰ্ঘটনা সংঘটিত হ’ল বুলি আৰক্ষীয়ে জানিবলৈ দিছে। আটইকেইজন যুৱকৰ ঘৰ মাৰ্ঘেৰিটাৰ ডিৰক বালিজানত বুলি জানিব পৰা গৈছে।
লগতে পঢ়ক – অসম আৰক্ষীৰ নিযুক্তি: প্ৰকাশ পালে ২৪৫০ টা পদৰ ফলাফল