মাৰ্ঘেৰিটা : মাৰ্ঘেৰিটাত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়। আজি সন্ধিয়া তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা আৰক্ষী থানাৰ অন্তৰ্গত ডিহিং চাহ বাগিচাৰ সমিপৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় উক্ত শোকাৱহ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত নিহত লোকজনক ডিগবৈৰ ২নং বৰবিলৰ নিবাসী চন্দন দত্তৰ পুত্ৰ সুমন দত্ত বুলি চিনাক্ত কৰা হৈছে।

মাৰ্ঘেৰিটা দিশৰ পৰা ডিগবৈ অভিমুখে এ এছ ২৩ এন ০৫১৬ নম্বৰ এখন মটৰ চাইকেলত গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত আহি থকা এখন ৰঙা ৰঙৰ গাড়ীয়ে প্ৰচণ্ড যোৰে খুণ্ডা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰি বাহনখন তাৰ পৰা পলায়ন কৰে।

স্থানীয় ৰাইজ আৰু মাৰ্ঘেৰিটা আৰক্ষীয়ে সুমনক ততাতৈয়াকে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে দত্তক মৃত বুলি ঘোষণা কৰে। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

প্ৰত্যক্ষদৰ্শীসকলৰ মতে পুৱাৰ পৰা মাৰ্ঘেৰিটাত বৰষুণ দি থকাৰ লগতে কুঁ‌ৱলি পৰি থকাৰ বাবে এই দুৰ্ঘটনাটো সংঘটিত হ’ল। আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ৰঙা গাড়ীখনৰ সন্মুখৰ ভাগৰ এটা অংশ ভাঙি পৰি যায়।

স্থানীয় ৰাইজে কয় এনে গাড়ীৰ সন্ধানত অভিযান আৰম্ভ কৰিলে আৰক্ষীয়ে নিশ্চিতভাৱে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী আৰু চালকক আটক কৰিবলৈ সক্ষম হ’ব।

লগতে পঢ়ক – ধনশিৰি নদীত অৰ্ধ উলংগ অৱস্থাত মহিলাৰ মৃতদেহ উদ্ধাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply