নগাঁও, যোগেন দাস: আজি নগাঁৱত সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী মহিলাই প্ৰাণ হেৰোৱাব লগা হয়। প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে পুৱা নগাঁৱৰ শেনচোৱাস্থিত ভাৰতীয় খাদ্য নিগমৰ চাউল কঢ়িয়াই নিয়া এখন ট্ৰাকৰ খুন্দাত অনুপ্রভা দাস নামৰ মহিলাগৰাকী আহত হৈছিল।
গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত মহিলা গৰাকীক স্থানীয় আৰু পৰিয়ালৰ লোকে ততাতৈয়াকৈ নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও চিকিৎসালয়ত চিকিৎসকে দাসক মৃত ঘোষণা কৰে।
জানিব পৰা মতে নিহত অনুপ্রভা দাস ধানৱী নিচান নামৰ গাড়ীৰ ডিলাৰৰ এগৰাকী কৰ্মচাৰী আছিল। আজি পুৱা ডিলাৰলৈ আহি থকা সময়তেই সংঘটিত হৈছিল দুৰ্ঘটনাটো।
দুৰ্ঘটনাৰ পিছতে স্থানীয় লোকে ভাৰতীয় খাদ্য নিগমৰ গুদামৰ সন্মুখত ভিৰ কৰাত এক উত্তপ পৰিস্থিতি সৃষ্টি হয়। পিছত ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
ভাৰতীয় খাদ্য নিগমৰ গুদামটো বৰ্তমানৰ স্থানৰ পৰা স্থানান্তৰ নতুবা ট্ৰাকসমূহক সুশৃংখলভাৱে ৰখাৰ ব্যৱস্থা কৰিবলৈ নগাঁও জিলা প্ৰশাসনৰ লগতে নগাঁৱৰ আৰক্ষীক দাবী তুলিছে শেনচোৱাৰ একাংশ লোকে।
লগতে পঢ়ক – ৰচিদুলে মোবাইল ফোন চুৰ কৰি বিক্ৰী কৰিছিল ৰবিন্দ্ৰক : দুয়ো আটক