টীয়ক/স্মৃতি প্ৰিয়া লাহন : দেওবাৰে নিশা টীয়কৰ বলমা পথত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন দুজন যুৱক গুৰুতৰভাৱে আহত হয়।
নিহত যুৱকজনক বলমা চাৰিআলিৰ চন্দ্ৰ ৰায় আৰু আহত আন দুজন যুৱক বাঁহবাৰীৰ মুন দাস আৰু হাতখোলাৰ দীপক ভূঞা বুলি চিনাক্ত কৰা গৈছে।
ঘটনা অনুসৰি কালি নিশা AS-03-H- 4432 নম্বৰৰ এখন মটৰ চাইকেলত উঠি যোৱা তিনিজন যুৱকে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ ওপৰত নিৰ্মিয়মান কালভাৰ্টত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।
ঘটনাৰ পিছতে ততালিকে টীয়ক আৰক্ষীয়ে যুৱক কেইজনক টীয়ক FRU লৈ প্ৰাথমিক চিকিৎসাৰ বাবে আনে যদিও চিকিৎসকে চন্দ্ৰ ৰায় নামৰ যুৱকজনক মৃত ঘোষণা কৰাৰ লগতে আন দুজনক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত আৰক্ষী হেলমেট নিপিন্ধাকৈ মটৰ চাইকেল চলোৱা, এখন মটৰ চাইকেলত দুজনতকৈ বেছি আৰোহীৰ যাতায়ত নিষিদ্ধ কৰা লগতে মদ্যপ্ৰাণ কৰি বাহন চলোৱাৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা সময়তে টীয়কৰ এই পথ দুৰ্ঘটনাই পুনৰ প্ৰমাণ কৰি গ’ল যে গ্রাম্যঞ্চলৰ লোক আজিও সজাগ হোৱা নাই।
লগতে পঢ়ক – বোকাখাতত ট্ৰেভেলাৰে মহতিয়াই নিলে ৯ বছৰীয়া শিশুসহ মহিলাক