টীয়ক: টীয়কৰ জগদুৱাৰ বনাই পথত আজি এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাৰ ফলত বনাইৰ ভাস্কৰ ভূঞা নামৰ এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়।
প্ৰাপ্ত তথ্য মতে, লোকজনে AS-03-AG-1827 নম্বৰৰ এখন বাইকেৰে ঘৰলৈ গৈ অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষতে থকা এটা উন্মুক্ত ট্ৰেন্সফৰ্মাৰত খুন্দা মৰাৰ ফলত উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।
পিছত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত লোকজনক স্থানীয় ৰাইজৰ সহায়ত টীয়ক FRU-ত ভৰ্তি কৰোৱা হয়। সুভাগ্যক্ৰমে যি সময়ত দুৰ্ঘটনাটো সংঘটিত হৈছিল সেই সময়ত বিদ্যুৎ কৰ্তন হৈ আছিল উক্ত ট্ৰেন্সফাৰ্মাৰটোৰ।
উল্লেখযোগ্য যে দুৰ্ঘটনা সংঘটিত হোৱা ট্ৰেন্সফাৰ্মাৰৰ কাষত কোনোধৰণৰ বেৰা নাছিল। স্থানীয় ৰাইজে অভিযোগ কৰে যে তেওঁলোকে ট্ৰেন্সফাৰ্মাৰটোক বেৰা দিয়াৰ ব্যৱস্থা কৰিবলৈ বহুবাৰ টীয়ক উপ সংমণ্ডলক আহ্বান জনাই আহিছে যদিও আজি পৰ্যন্ত ইয়াৰ কোনো ব্যৱস্থা কৰা হোৱা নাই।
যাৰ ফলত আজি এই পথ দুৰ্ঘটনাটো সংঘটিত হয় বুলি অভিযোগ কৰি স্থানীয় ৰাইজ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰে।
লগতে পঢ়ক – উৎকট গৰম; মহানগৰীত শ্ৰেণী কক্ষৰ ভিতৰত অনুষ্ঠিত হ’ব পুৱাৰ সমাৱেশ