কমাৰগাঁও (গোলাঘাট) : গোলাঘাট জিলাৰ বাদুলিপাৰত বৃহস্পতিবাৰে নিশা অহা এজাক বৰষুণৰ পাছতেই এটা সদা ব্যস্ত পথত উপছি পৰিছে একাঠুলৈকে পানী ।
বাদুলিপাৰত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ফৰলেণ্ড নিৰ্মাণ সংস্থাৰ চুড়ান্ত কাণ্ডজ্ঞানহীনতাৰ বাবে শ্বহীদ কমলামিৰি পথৰ সন্মুখত এজাক বৰষুণতে সৃষ্টি হৈছে কৃত্ৰিম বানৰ। যাৰ ফলত বিদ্যালয়, মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী, ৰোগী, প্ৰসূতিসকলৰ যাতায়তৰ লগতে উক্ত পথৰ কাষত থকা বাদুলিপাৰ ডাকঘৰ, ইণ্ডিয়ান বেংক, বাদুলিপাৰ উচ্চ মাধ্যমিক বিদ্যালয় অহা যোৱা কৰা লোক সকলৰ যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হৈছে।
ইফালে সু-পৰিকল্পিত নলাৰ অভাৱৰ বাবে এজাক বৰষুণতে এগৰাকী শ্বহীদৰ নামেৰে নামাকৃত সদা ব্যস্ত পথটোত কৃত্ৰিম বানপানীৰ সৃষ্টি হোৱাত ক্ষোভ প্ৰকাশ কৰিছে সচেতন ৰাইজে।
তাৎপৰ্যপূৰ্ণ বিষয় যে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী সদা ব্যস্ত পথটোৰ সন্মুখত পূৰ্বতে এটা পকী পুল আছিল যদিও উক্ত পকী পুলটো ফৰলেণ্ড কতৃপক্ষই বন্ধ কৰি দিয়াত কৃত্ৰিম বান সৃষ্টি হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ।
আনহাতে চাৰিলেণ্ডযুক্ত পথ নিৰ্মাণ সংস্থা এইছ চি চি কতৃপক্ষই শীঘ্ৰেই উক্ত পথটোৰ কৃত্ৰিম বানৰ সমস্যা সমাধান কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজৰ ।
লগতে পঢ়ক – বোকাখাতৰ দয়াৰামলৈ দয়া উপজিবনে চৰকাৰ অথবা প্ৰশাসনৰ