কমাৰগাঁও, চন্দন বৰা: গোলাঘাট জিলাৰ দেৰগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ ব্ৰহ্মপুত্ৰ অঞ্চলৰ ১ নং খকন্দগুৰি গাঁৱত ৰঙালী উৎসৱ আয়োজনক লৈ চলিছে ব্যাপক প্ৰস্তুতি।
খকন্দগুৰি ন’ৱেৰুণ যুৱ সংঘ আৰু আৰোহণ মইনা পাৰিজাতৰ উদ্যোগত দুদিনীয়া বৰ্ণিল কাৰ্যক্ৰমনিকাৰে অহা ১৬ , ১৭ ব’হাগ ইংৰাজী ৩০ এপ্ৰিল আৰু ১ মে’ তাৰিখে খকন্দগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব সপ্তম বাৰ্ষিক খকন্দগুৰি ৰঙালী বিহু উৎসৱ ।
প্ৰথম দিনা অৰ্থাৎ ৩০ এপ্ৰিল তাৰিখে পুৱা পতাকা উত্তোলন,স্মৃতি তৰ্পণেৰে আৰম্ভ হ’ব ৰঙালী উৎসৱ কাৰ্যসূচী। উৎসৱৰ লগত সংগতি ৰাখি যোৰহাট কাণ্ডত প্ৰাণ যোৱা ছাত্ৰনেতা অনিমেষ ভূঞাৰ সোঁৱৰণত তৈয়াৰ কৰি তোলা মঞ্চ উদ্বোধন কৰিব খকন্দগুৰি মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক লোকেশ্বৰ বৰাই।
প্ৰথম দিনা চেমনীয়াসকলে হুচৰি প্ৰদৰ্শন কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন,ৰচনা আৰু বিহুনামৰ প্ৰতিযোগিতা আৰু মহিলা আত্মসহায়ক গোট সমূহৰ মাজত পিঠা আৰু গামোছা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।
সন্ধ্যা ৫ বজাত অনুষ্ঠিত হ’বগলীয়া সদৌ অসম ভিত্তিত সৰু বিহুৱতী প্ৰতিযোগিতাত বিজয়ীসকলক নগদ ৮০০০ টকা আৰু ৪০০০ টকাৰে পুৰস্কৃত কৰা হ’ব। এই প্ৰতিযোগিতা উদ্বোধন কৰিব নুমলীগড় তেল শোধনাগাৰৰ জেষ্ঠ মহা প্ৰৱন্ধক দেৱাঞ্জন বৰাই। প্ৰতিযোগিতাৰ সমান্তৰালভাৱে প্ৰদৰ্শিত হ’ব স্থানীয় শিল্পীসকলৰ দ্বাৰা বিভিন্ন সাংস্কৃতিক অনুষ্ঠান।
দ্বিতীয় দিনা পুৱা ১০ বজাত অনুষ্ঠিত হ’ব ভেশচন প্ৰতিযোগিতা আৰু খেল-ধেমালি। ইয়াৰ পিছত দিনৰ ১ বজাত অনুষ্ঠিত হ’ব সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা। দুটা শাখাত অনুষ্ঠিত হ’বলগীয়া প্ৰতিযোগিতাৰ উচ্চ শাখাৰ প্ৰথম পুৰস্কাৰ ৩০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ২০০০ টকা। আনহাতে নিম্ন শাখাৰ প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ ক্ৰমে ২০০০ টকা আৰু ১৫০০ টকা।
সন্ধ্যা ৬ বজাত অনুষ্ঠিত হ’ব লগীয়া মুকলি সভাত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য সাংগঠনিক সম্পাদক অভিৱৰ্তন গোস্বামীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। ইয়াৰ পিছতে অনুষ্ঠিত হ’ব লগীয়া সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব জনপ্ৰিয় কণ্ঠশিল্পী ধন্তি দাসে ।
তদুপৰি সাংস্কৃতিক সন্ধিয়াৰ অনুষ্ঠানত কেইবাটাও নৃত্য গোষ্ঠী, কৌতুক গোষ্ঠীৰ আকৰ্ষণীয় অনুষ্ঠান পৰিৱেশন কৰা হ’ব। ৰঙালী উৎসৱৰ প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে ইচ্ছুক প্ৰতিযোগীসকলক ৭০০২৮৩৩৬৬২ নম্বৰত যোগাযোগৰ বাবে আহ্বান জনাইছে সপ্তম বাৰ্ষিক ৰঙালী উৎসৱৰ সম্পাদক অচ্যুত বৰাই ।
লগতে পঢ়ক – এইবাৰ জাগীৰোডত জব্দ ৫ কোটি টকা মূল্যৰ ড্ৰাগছ