কমাৰগাঁও, চন্দন বৰা: ২০১৯ চনত অকাল মৃত্যুক সাবটি লোৱা গোলাঘাট জিলাৰ কমাৰগাঁৱৰ বিশেষভাবে সক্ষম বুধবাৰী গাঁৱৰ প্ৰয়াত ৰুণু বৰুৱাৰ এখন কবিতা সংকলন আৰু এখন উপন্যাস আজি বুধবাৰী গাঁৱৰ নিজা বাসগৃহত উন্মোচন কৰা হয়।

উল্লেখযোগ্য যে বিদ্যালয়, মহাবিদ্যালয়ৰ পৰা আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰি কৃষ্ণকান্ত মুক্ত বিশ্ববিদ্যালয়ৰ যোগেদি স্নাতক ডিগ্ৰী লাভ কৰা ৰুণু বৰুৱাই নীৰৱে চলাই গৈছিল সাহিত্যচৰ্চা। যাৰ ফলত তেওঁৰ বহু লেখা অপ্ৰকাশিত হৈ থাকি গ’ল।

আজি তেওঁৰ মৃত্যুৰ তৃতীয় বাৰ্ষিকীৰ দিনটোত পৰিয়ালৰ প্ৰচেষ্টাত প্ৰকাশ কৰি উলিওৱা ৰুণু বৰুৱাৰ কবিতা সংকলন ‘মোৰ অনুভৱৰ পদূলিতʼ আৰু উপন্যাস ‘আবদ্ধ কোঠাৰ বিননিʼ উন্মোচন কৰা হয়।

প্ৰয়াত লেখিকা গৰাকীৰ বাসগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নুমলীগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহেন শইকীয়া ৰুণু বৰুৱাৰ দুখন গ্ৰন্থ উন্মোচন কৰে। গ্ৰন্থ দুখন উন্মোচন কৰি অধ্যক্ষ শইকীয়া আৱেগিক হৈ পৰাৰ লগতে প্ৰয়াত ৰুণু বৰুৱা উপন্যাস ‘আবদ্ধ কোঠাৰ বিননি’ পঢ়োৱৈ সমাজে আদৰি ল’ব বুলি আশাবাদী ।

মৃত্যুৰ ৩ বছৰ পাছত পৰিয়াল আৰু শুভাকাংক্ষীৰ আন্তৰিক প্ৰচেষ্টাত প্ৰয়াত ৰুণু বৰুৱাৰ দুখন গ্ৰন্থ প্ৰকাশ পোৱাত সচেতন ৰাইজে শলাগ লৈছে।

লগতে পঢ়ক – শিৱসাগৰত নৃশংস ঘটনা: সুৰামত্ত স্বামীয়ে দাৰে ঘপিয়ালে পত্নীক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,221 other subscribers

Leave a comment

Leave a Reply