নিউজ ডেস্কঃ অসমৰ বিদ্যালয়সমূহত দশম শ্ৰেণীলৈ হিন্দী ভাষা বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে অসম সাহিত্য সভাই। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যসমূহৰ বিদ্যালয়সমূহত দশম শ্ৰেণী পৰ্যন্ত হিন্দী ভাষা বাধ্যতামূলক কৰিবৰ বাবে চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিত ঘোষণা কৰাৰ সিদ্ধান্ত লৈছিল।
ইফালে, অসম সাহিত্য সভাৰ এক বিজ্ঞপ্তিত প্ৰধান সম্পাদক যাদৱ চন্দ্ৰ শৰ্মাই কয়- কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিন্দী ভাষা বাধ্যতামূলক কৰাৰ বিপৰীতে অসমীয়া আৰু আন খিলঞ্জীয়া ভাষাসমূহৰ প্ৰসাৰ আৰু বিকাশৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল।
উল্লেখ্য যে, দীৰ্ঘদিনৰ পৰাই অসম সাহিত্য সভাই উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া ভাষাসমূহৰ প্ৰচাৰ, বিকাশ আৰু বিস্তৃতিৰ বাবে ইংৰাজী মাধ্যম আৰু চিবিএছ ই বিদ্যালয়সমূহত অসমীয়াকে ধৰি খিলঞ্জীয়া ভাষাৰ অধ্যয়ন বাধ্যতামূলক কৰিবৰ বাবে দাবী জনাই আহিছে।