নিউজ ডেস্কঃ অসম সাহিত্য সভাৰ সভাপতি সূৰ্য্য হাজৰিকাই বুধবাৰে গুৱাহাটীৰ সাহিত্য সভা ভৱনত এক সংবাদ মেল সম্বোধন কৰে।

সভাপতি সূৰ্য্য হাজৰিকাই অসম সাহিত্য সভাৰ আগন্তুক দিনৰ পৰিকল্পনাৰ বিষয়ে সংবাদ মাধ্যমৰ আগত অৱগত কৰে।

অসম সাহিত্য সভাই পুনৰ প্ৰকাশ কৰিব অসমৰ বহু বৰেন্য ব্যক্তিৰ বহু গ্ৰন্থ সংকলন। সাহিত্য সভাৰ প্ৰত্ৰিকাও পুনৰ প্ৰকাশ কৰাৰ লগতে অসমীয়া আৰু ইংৰাজী ভাষাৰ অভিধান অধ্যয়নৰ এটা বিশেষ দিন অনুষ্ঠিত কৰিব অসম সাহিত্য সভাই।

বাণিজ্য বিশ্ব কোষ আৰু কৃষি বিশ্ব কোষো স্থাপন কৰাৰ কথাও সংবাদমেলত সভাপতি গৰাকীয়ে জানিব দিয়ে।

ইমানতেই শেষ পৰা নাই সাহিত্য সভাৰ পৰিকল্পনা। নতুন দিল্লীত অসম সাহিত্য সভাৰ কাৰ্যালয় স্থাপন কৰাৰ কথা এক বৃহৎ ঘোষণা কৰে সভাপতি মহোদয়ে। লগতে, এটা সংগ্ৰহালয়, এটা অত্যাধুনিক পুথিভৰাল আৰু অভিলেখাগাৰ নিৰ্মাণ কৰাৰ কথা উল্লেখ কৰে।

ইফালে, অসম সাহিত্য সভাই ৪৩ জনীয়া এখন কাৰ্য্যনিৰ্বাহক কমিটিও বুধবাৰে ঘোষণা কৰে।

উল্লেখযোগ্য যে, যি সাহিত্য সভাই ধনৰ অভাৱৰ বাবে অসম সাহিত্য সভাৰ বাৰ্ষিক অধিবেশন সুচাৰু ৰূপে পালন কৰাত বিফল হয় তেনে ক্ষেত্ৰত বৰ্তমানৰ সভাপতি গৰাকীয়ে কেনেদৰে পৰিকল্পনা বোৰ বাস্তৱত ৰূপায়ণ কৰে সেয়া ভৱিষ্যত দিনত লক্ষণীয় হ’ব।

লগতে পঢ়ক – বলিউডৰ যশস্বী অভিনেতা সতীশ কৌশিকৰ দেহাৱসান

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply