নিউজ ডেস্কঃ গভীৰ আৰ্থিক সংকটত ভুগিছে অসম সাহিত্য সভাই। অসম সাহিত্য সভাৰ ষষ্ঠসপ্ততিতম নাৰায়ণপুৰৰ অধিৱেশনৰ পূৰ্বে সভাপতি কুলধৰ শইকীয়া আৰু সাধাৰণ সম্পাদক যাদৱ শৰ্মাই দেওবাৰে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত সভাপতি কুলধৰ শইকীয়াই জনাই যে, ৰাজ্য চৰকাৰে প্ৰতিবছৰে আগবঢ়াই অহা সাহিত্য সভাক আৰ্থিক সাহায্য মুকলি কৰি নিদিয়াৰ বাবে অনুষ্ঠানটো গভীৰ সংকটত ভুগিছে। আনকি আৰ্থিক সংকটৰ বাবে ঋণ ল’বলগীয়া পৰিস্থিতিৰো সন্মুখীন হোৱা বুলি সভাপতিজনে কয়। 

লগতে সভাপতিজনে জনাই যে, ৰাজ্য চৰকাৰৰ পৰা সাহিত্য সভাই ডেৰ কোটি টকা পাবলৈ বাকী কিন্তু এই পৰ্যন্ত লৈকে মাত্ৰ ৪৫ লাখ টকাহে পাইছে । যাৰ বাবে ঋণ লৈ কৰ্মচাৰীক দৰমহা দি থকা হৈছে বুলি সাদৰী কৰে।

সাহিত্য সভাৰ অন্তিম দিনৰ দ্বিতীয় মুকলি সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি   আন ৰাজনৈতিক নেতা সকলক আমন্ত্ৰণ কৰাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া চলি থকাৰ সন্দৰ্ভত সাধাৰণ সম্পাদক যাদৱ শৰ্মাই কয় যে, জাতীয় অনুষ্ঠান এটাত চৰকাৰী পৃষ্ঠপোষকতাৰ অবিহনে চলোৱা অসম্ভৱ।  যাৰ বাবে এতিয়া সাহিত্য সভাক ধৰি ৰাখিবলৈ বহু অসুবিধাৰ সন্মুখীন হৈছে। সমস্যা সন্মুখীন হোৱাৰ বাবে এতিয়া চৰকাৰ ওচৰত হাত পাতিবলগীয়া পৰিস্থিতি হোৱা বুলি সাদৰী কৰে । কিন্তু তাৰ পাছতো সাহিত্য সভাই জাতীয় সত্তা এৰি নিদিয়ে বুলি স্পষ্ট কৰে ।

উল্লেখযোগ্য যে, এইবাৰৰ অধিৱেশনৰ বাবে আদৰণী সভাই ১০ লাখ টকাৰ চুক্তি সম্পাদন কৰিছিল । বৰ্তমান লৈকে মাত্ৰ আঢ়ৈ লাখ টকাৰ আদৰণী সভাই যোগান ধৰাৰ বাবে অধিৱেশনৰ আয়োজনত অসুবিধাৰ সন্মুখীন হোৱা বুলি সংবাদমেলত জানিবলৈ দিয়ে।  

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply