যোৰহাট : অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস। নৱাগত আদৰণি সভাৰ লগতে নৱনিৰ্মিত তোৰণ উন্মোচন। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনৰ তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সত্ৰীয়া (বি.মিউজ) পাঠ্যক্ৰমৰ সত্ৰীয়া সংগীত মহাবিদ্যালয় অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰা হয়।

এই উপলক্ষে পুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ কাৰ্যসূচীৰ পাছতে মহাবিদ্যালয়ৰ প্ৰাক্তন শৈক্ষিক অধ্যক্ষ ডক্টৰ জগন্নাথ মহন্তৰ সোৱৰণত পৰিয়াল বৰ্গই আগবঢ়োৱা তোৰণখনি উন্মোচন কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈয়ে। তোৰণ উন্মোচন কৰি আয়োজন কৰা সভাখনত সাংসদ গগৈয়ে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনুপম সৃষ্টি সমুহ অসমীয়াৰ স্ৱাভিমানৰ প্ৰতীক বুলি কয়।

লগতে পঢ়ক :  মহানগৰীত পুনৰ এক নৃশংস হত্যাকাণ্ড

যোৰহাট জিলাৰ উপায়ুক্ত অশোক কুমাৰ বৰ্মণ, বিজেপিৰ জিলা সভাপতি হেমন্ত কলিতা, পৰিচালনা সমিতিৰ সভাপতি ভৱ গোস্বামী, মহাবিদ্যালয়ৰ অধ্যক্ষ শাৰংগপানি বৰদলৈ আৰু তোৰণৰ দাতা পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। উল্লেখযোগ্য যে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পাছতে নৱাগত আদৰণি সভা আৰু মহাবিদ্যালয় সপ্তাহৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,054 other subscribers

Leave a comment

Leave a Reply