নিউজ ডেস্ক: নাগৰিকত্ব আইনৰ ধাৰা ৬ (এ)-ৰ সাংবিধানিক বৈধতা চালি-জাৰি চোৱাৰ পিছতহে উচ্চতম ন্যায়ালয়ে অসমত নাগৰিকত্ব সন্দৰ্ভত আন বিষয়সমূহৰ পৰ্যালোচনা কৰিব। মঙলবাৰে নাগৰিকত্ব আইনৰ ৬ (এ) ধাৰাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এক গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ এক সাংবিধানিক বিচাৰপিঠে এইদৰে কয়।

উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত ন্যায়াধীশ এম আৰ শ্বাহ, ন্যায়াধীশ কৃষ্ণ মূৰাৰী, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ পি এছ নৰসিমহাৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপিঠে অসমত নাগৰিকত্ব প্ৰদানৰ ভিত্তি বৰ্ষক লৈ এটৰ্নী জেনেৰেল আৰ ভেংকটাৰামণিয়ে প্ৰস্তুত কৰা ১১ দফীয়া খচৰাক লৈ মঙলবাৰে প্ৰাৰম্ভিক শুনানি গ্ৰহণ কৰি অহা ১৪ ফেব্ৰুৱাৰীৰ পৰা মূল শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব বুলি সদৰী কৰে।

উল্লেখযোগ্য যে অসম চুক্তি অনুযায়ী নাগৰিকত্ব আইনৰ ধাৰা ৬ (এ)-ৰ অধীনত ১৯৬৬ চনৰ ১ জানুৱাৰীৰ পৰা ১৯৭১ চনৰ ২৫ মাৰ্চৰ ভিতৰত ভাৰতত প্ৰৱেশ কৰা আৰু অসমত বসবাস কৰি অহা লোকসকলক নাগৰিকত্বৰ অধিকাৰ প্ৰদান কৰা হৈছে। অসমৰ বাহিৰে সমগ্ৰ দেশতে নাগৰিকত্বৰ কাট-অফ ডেট হৈছে ১৯৪৯ চনৰ ১৯ জুলাই।

অসমৰ ক্ষেত্ৰত নাগৰিকত্বৰ ভিত্তি বৰ্ষক লৈ থকা এই পাৰ্থক্যক প্ৰত্যাহ্বান জনাই অসম সন্মিলিত মহাসংঘই ২০১২ চনত উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল আৰু অসমৰ বাবে পৃঠক কাট-অফ ডেট ‘অসাংবিধানিক’ বুলি দাবী কৰাৰ লগতে ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাপে গ্ৰহণ কৰিবলৈ দাবী জনায়। ২০১৪ চনত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া বিচাৰপীঠে ১৩টা প্ৰশ্নৰে বিষয়টো পাঁচজনীয়া বিচাৰপীঠলৈ প্ৰেৰণ কৰিছিল। ইয়াৰ আধাৰত এটর্নী জেনেৰেলে ১১টা প্ৰশ্নৰ খচৰা ইতিমধ্যে দাখিল কৰাৰ কথা আৰু বিভিন্ন পক্ষই আগবঢ়োৱা পৰামৰ্শৰ বিষয়ে ছলিচিটৰ জেনেৰেলে আজি ন্যায়ালয়ক অৱগত কৰে।

শুনানি কালত ন্যায়ালয়ে সকলো পক্ষকে চাৰি সপ্তাহৰ ভিতৰত লিখিত মতামত দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে উক্ত লিখিত মতামতসমূহ একত্ৰিত কৰি সকলো পক্ষৰে মাজত বিতৰণ কৰাৰ কথা কয়।

লগতে পঢ়ক – গুৱাহাটী IIT ত পুনৰ উদ্ধাৰ বহি: ৰাজ্যৰ ছাত্ৰৰ মৃতদেহ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply