মঙলদৈ, প্ৰবীণ বৰুৱা: বিদ্যালয়ৰ ছাত্ৰীক এগৰাকী শিক্ষকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগক কেন্দ্ৰ কৰি মঙলদৈৰ দুনীত আজি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অভিযুক্ত শিক্ষকজন স্থানীয় ৰাইজৰ গণ প্ৰহাৰৰ বলি হয় বুলি জানিব পৰা গৈছে।
প্ৰাপ্ত তথ্য মতে শুকুৰবাৰে দুনী মজলীয়া বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক ছানডুবিলৈ শিক্ষামূলক ভ্ৰমণত লৈ যোৱা হৈছিল। অভিযোগ অনুসৰি বিদ্যালয়খনৰ শিক্ষক হিৰণ্য চহৰীয়াই চানডুবীত দুগৰাকী ছাত্ৰীক নাৱেৰে নিৰ্জন ঠাইলৈ নি শালীনতা হানি কৰাৰ চেষ্টা চলায়।
ঘটনা পোহৰলৈ অহাৰ পিছত আজি বিদ্যালয়খনত ছাত্ৰী দুগৰাকীৰ অভিভাৱকৰ লগতে একাংশ স্থানীয় লোক উপস্থিত হৈ এক অভিযুক্ত শিক্ষকগৰাকীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।
একাংশ উত্তেজিত ৰাইজে অভিযুক্ত শিক্ষকজনক প্ৰহাৰ কৰে। পিছত ঘটনাস্থলীত দৰং আৰক্ষীৰ এটা দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
লগতে পঢ়ক – মেঘালয়-ত্ৰিপুৰাত ৬৮০০ কোটি টকা ব্যয় সাপেক্ষে প্ৰধানমন্ত্ৰীয়ে কৰিব কেইবাটাও প্ৰকল্প উদ্বোধন