মঙলদৈ, প্ৰবীণ বৰুৱা: অসম বিজ্ঞান সমিতিৰ মঙলদৈ শাখাৰ উদ্যোগত দেওবাৰে মঙলদৈত বিশ্ব নদী দিৱস পালন কৰা হয়। এই উপলক্ষে মঙলদৈৰ ভূপেন হাজৰিকা স্মৃতি উদ্যান চৌহদত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত এখন আলোচনাচক্ৰ অনুষ্ঠিত হয়।
মঙলদৈ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ ছাহাবুদ্দিন আহমেদৰ সঞ্চালনাত অনুষ্ঠিত আলোচনাচক্ৰত অঞ্চলটোৰ কেইবাগৰাকী গণ্যমান্য ব্যক্তিয়ে অংশগ্ৰহণ কৰি বিশ্ব নদী দিৱসৰ তাৎপৰ্য্য ব্যাখ্যা কৰাৰ লগতে দৰং জিলাৰ মাজেৰে বৈ যোৱা নৈসমূহ সুৰক্ষিত কৰাৰ হকে মতপোষণ কৰে।
বিশেষকৈ মঙলদৈ চহৰৰ মাজেৰে বৈ যোৱা বেগা নৈক একাংশই ডাষ্টবিনত পৰিণত কৰাত উদ্বেগ প্ৰকাশ কৰাৰ লগতে বেগাৰ পাৰত চলি থকা ব্যাপক বেদখল ৰোধ কৰাৰ বাবে প্ৰশাসনক দাবী জনায়।
কাৰ্যসূচীৰ অংশ হিচাপে বেগা নদীৰ পাৰে পাৰে সমদল কৰি ‘’নদী বচাওক প্ৰকৃতি বচাওক, বেগাক মুক্ত ভাৱে বৈ যাবলৈ দিয়ক,’’ আদি বিভিন্ন শ্ল’গান দিয়াৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে বেগাৰ ওপৰত বৃটিছে নিৰ্মাণ কৰা পৰিত্যক্ত দলংখন পৰ্যবেক্ষণ কৰে।
লগতে পঢ়ক – অসম কৃষি বিশ্ববিদ্যালয়ত গৱেষকৰ পদত ওলাইছে চাকৰি